তথ্য ভাণ্ডাৰ

Showing posts with label স্বচ্ছ চৌপাশ দিৱস. Show all posts
Showing posts with label স্বচ্ছ চৌপাশ দিৱস. Show all posts

Thursday, September 14, 2017

স্বচ্ছ বিদ্যালয়ৰ বিষয়ে পত্ৰ লিখন,১৪ চেপ্তেম্বৰ'২০১৭

স্বচ্ছ বিদ্যালয়ৰ বিষয়ে ছাত্ৰী সকলকৰ মাজত "পত্ৰ লিখন দিৱস" উপলক্ষে চিঠি লিখিবলৈ দিয়া হয়।সকলো ছাত্ৰীয়ে চিঠি লিখি বিদ্যালয়ৰ অধ্যক্ষৰ হাতত জমা দিয়ে।
     তেওঁলোকৰ পত্ৰৰ বিষয় বস্তু আছিল, বিশেষকৈ স্কুলত যে ভাল স্বাস্থ্যসন্মত শৌচাগাৰ আৰু প্ৰেছাপাগাৰৰ প্ৰয়োজন ।

Tuesday, September 12, 2017

পানী সংৰক্ষণ দিৱস, ১৩ চেপ্তেম্বৰ'২০১৭

আজি বিদ্যালয়ত ছাত্ৰী সকলৰ মাজত পানী সংৰক্ষণ দিৱস পালন কৰা হয়।এই দিৱস উদযাপন উপলক্ষে ছাত্ৰী সকলক পানী সংৰক্ষণ কেনেকৈ কৰিব পাৰি সেই বিষয়ে শিক্ষক সকলে বাখ্যা দাঙি ধৰে।

নিৰ্মল খোৱাপানী দিৱস, ১২ চেপ্তেম্বৰ'২০১৭

আজি বিদ্যালয়ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলোৱে মিলি নিৰ্মল খোৱা পানী দিৱস উদযাপণ কৰে।এই উপলক্ষে কেনেকৈ নিৰ্মল খোৱা পানী পাব পাৰি আৰু ব্যৱহাৰৰ বিষয়ে ছাত্ৰী সকলক জনোৱা হয়।
স্কুলত থকা নিৰ্মল খোৱাপানীৰ উৎস সমুহৰ বিষয়ে ছাত্ৰী সকলক পুন: জনোৱা হয় আৰু তাক ব্যৱহাৰ কৰিবলৈ পুনৰ জনোৱা হয়। 

Monday, September 11, 2017

স্বচ্ছ বিদ্যালয় প্ৰদৰ্শনী, ১১ চেপ্তেম্বৰ'২০১৭





ছাত্ৰী সকলে অংকন কৰা চিত্ৰ সমুহৰ প্ৰদৰ্শনীত উপষ্ঠিত ছাত্ৰী সকলৰ একাংশ।

Saturday, September 9, 2017

শৌচালয় ব্যৱহাৰৰ সজাগতা দিৱস। ৯ চেপ্তেম্বৰ'২০১৭



শৌচালয় ব্যৱহাৰৰ সজাগতা দিৱস, ৯ চেপ্তেম্বৰ'২০১৭ উপলক্ষে ছাত্ৰী সকলে শৌচালয় আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ কৰিছে।

Friday, September 8, 2017

ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত চাফ-চিকুনতা পৰীক্ষণ দিৱস। ৮চেপ্তেম্বৰ' ২০১৭

আজি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত চাফ-চিকুনতা পৰীক্ষণ দিৱস উপলক্ষে ছাত্ৰী সকল বিদ্যালয়লৈ আহোঁতে কেনেকৈ পৰিস্কাৰ হৈ আহিব লাগে, কিতাপ-পত্ৰ কেনেকৈ পৰিস্কাৰ কৰি ৰাখিব লাগে, চুলি কেনেকৈ আঁচুৰিব লাগে সেই বিষয়ে জনোৱা হয় আৰু বিদ্যালয়ৰ কিছুমান নিয়মৰ বিষয়ে বাখ্যা কৰা হয়।(আমাৰ ফেইচবুক পেজ চাবলৈ ইয়াত ক্লীক কৰক)


Thursday, September 7, 2017

হাত ধোৱা দিৱস, ৭ চেপ্তেম্বৰ' ২০১৭

হাত ধোৱা দিৱস উপলক্ষে আজি বিদ্যালয়ৰ ছাত্ৰী সকলক হাত ধোৱাৰ নিয়ম সমূহ শিকোৱা হয়। কোন কোন সময়য়ত হাত ধুব লাগে আৰু কেনেকৈ ধুব লাগে সেই সম্পৰ্কে বিষদ ভাবে প্ৰশিক্ষণ দিয়া হয়।

আমাৰ ফেইচবুক পেজত লগ পাবলৈ ক্লীক কৰক।

Wednesday, September 6, 2017

নখ/চুলি/দাঁত চাফা চিকুনতা দিৱস, ৬ চেপ্তেম্বৰ'২০১৭

আজি বিদ্যালয়ৰ ছাত্ৰী সকলৰ নখ, চুলি, দাঁত চাফচিকুবতা পৰীক্ষা কৰা হয় আৰু লগতে তেওঁলোকক কেনেকৈ নখ,চুলি, দাঁত পৰিস্কাৰ কৰি ৰাখিব লাগে সেই বিষয়ে ভালদৰে বুজাই দিয়া হয়। সেই মুহূৰ্তৰ কেইখনমান আলোক চিত্ৰ।






Tuesday, September 5, 2017

স্বচ্ছতা কাৰ্য্যসূচীত অংশ গ্ৰহণ। ৫ চেপ্তেম্বৰ।

আজি শিক্ষক দিৱস।সেই উপলক্ষে বিভিন্ন কাৰ্য্যসূচীৰ লগত ৰজিতা খুৱাই আজি বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলে বিদ্যালয়ৰ সন্মুখভাগ চাফাই কৰে:


Monday, September 4, 2017

সেউজ বিদ্যালয়ৰ সমদল।। ৪ চেপ্তেম্বৰ' ২০১৭।

আজি বিদ্যালয় চৌহদৰ গছ সমুহৰ চাফচিকুন  কৰা হয় আৰু ছাত্ৰী সকলক সেউজ বিদ্যালয়ৰ বিষয়ে আলোকপাত কৰা হয়। এই উপলক্ষে এটি সমদল উলিউৱা হয়।:







Friday, September 1, 2017

স্বচ্ছতাৰ শপত গ্ৰহণ দিৱস, ১ চেপ্তেম্বৰ,২০১৭।

     
সংকল্প
"আজি ১/৯/২০১৭ তাৰিখে আমি চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ ছাত্ৰীয়ে শপত লওঁ যে আমি সদাই বিদ্যালয়লৈ পৰিস্কাৰ হৈ আহিম, নিজকে পৰিস্কাৰ কৰি ৰাখিম। বিদ্যালয়খন ধুনিয়াকৈ ৰাখিম।নিজহাতে প্ৰতিদিনে বিদ্যালয়খন পৰিস্কাৰ কৰিম।স্বচ্ছতাই ঈশ্বৰ প্ৰাপ্তিৰ মুখ্যদ্বাৰ। আমি স্বচ্ছতাক নিয়মত পৰিনত কৰিম।"
আজি ১/৯/২০১৭ তাৰিখে চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ ছাত্ৰীয়ে ২-১৫ মিনিটত স্বচ্ছতাৰ শপত গ্ৰহণ দিৱস উপলক্ষে শপত বাক্য পাঠ কৰাৰ দৃশ্যঃ





তলত শপত গ্ৰহণৰ শেষত ৰাস্ত্ৰীয় সংগীত গোৱাৰ দৃশ্য: